বন্ধুসকল মনত আছেনে কিছু বছৰ আগৰ সেই শ্লোগান, যি কাৰণত ভাজপা হাৰিল ।
"খা গয়া ৰেচন...পি গয়া তেল,দেখৌ অটল, আদবানী কা খেল…… ।"
এই মূল্যবৃদ্ধিৰ কাৰণ আছিল 'কাৰগিল যুদ্ধ' । ইয়াৰ বাবেই শ্রদ্ধেয় অটলজীৰ কর্মঠ চৰকাৰখনে বিদায় লবলগা হল ।
যুদ্ধ...যুদ্ধ...যুদ্ধ ।
এয়াই আমি বিচাৰো ন ? হয়, বিচাৰো । ইয়াৰ কাৰণ আছে । আমি এখন যুৱ দেশ । তেজত গৰমী আছে । কিন্তু 'জোছ' ৰ লগত 'হুছো' প্রয়োজনীয় । যুদ্ধ কৰিব পাৰি কিন্তু লক্ষ্য কেবল বিজয় হব লাগিব । পাকিস্তানে আজি চীনৰ আশাত নিজৰ মনোবল বঢ়াই আছে । নহলেনো কেতিয়াবা শিয়ালে সিংহক যুদ্ধলৈ ললকাৰ দিয়া দেখিছে জানো ? চীনে ভাবিছে আমাক দুয়োদেশকে যুঁজ লগাই সিহঁত সম্পূণ এছিয়া মহাদেশৰ একছত্রী 'কিংকং' হৈ যাব । আমি পাকিস্তানক তেতিয়া আক্রমণ কৰিব লাগে, যেতিয়া আমি চীনৰ দীৱাৰ ভাঙিবলে সক্ষম হম । আজি ভাৰত এখন তীব্র গতিত প্রগতিৰ দিশত আগবঢ়া দেশ । আজি আমি পূণতঃ ৰুছ আৰু আমেৰিকাকো সম্পূণ বিশ্বাসত লব নোৱাৰো । আগত বহুত দেখি থৈছো । 1971 ৰ ইন্দিৰাজীৰ সময় আৰু আজিৰ সময়ৰ মাজত পার্থক্য আছে । তেতিয়া পাকিস্তানৰ হাতত পৰমাণু ব'ম নাছিল । ভাৰতীয় সেনাই 1971 ৰ যুদ্ধত পাক অধিকৃত কাশ্মীৰ আৰু লাহোৰলৈকে দখল কৰি লৈছিল । কিন্তু আগত এবাৰ নেহেৰুজী আৰু 1971ত ইন্দিৰাজীৰ অর্দূৰদশিতা আৰু জুলফিকৰ আলি ভুট্টোৰ চালাকীৰ কাৰণে সুৰবীৰ ভাৰতীয় সেনাৰ দ্বাৰা জিকা লাহোৰ, POK আৰু হাজাৰৰ সংখ্যাত যুদ্ধবন্দীক পাকিস্তানক ওভোটাই দিব লগা হল । যাৰ প্রতিফল আজি হিন্দুস্তানে ভুগি আছে । বন্ধুসকল আমাৰ হাততো পৰমাণু ব'ম আছে । পাকিস্তানক আমি বিশ্ব মানচিত্রৰ পৰা অবশ্যেই মোহাৰি দিম । কিন্তু পাকিস্তানে তেতিয়ালৈকে নিজৰ পৰমাণু বোমা আৰু চীনৰ সহযোগত আমাৰ বহুত ক্ষতি কৰিব তথা আমাক দুর্বল বনাব । যদি পৰমাণু যুদ্ধ হৈ যায় তেন্তে প্রজন্ম প্রজন্মলৈকে বিকলাংগ হৈ যাব । আমি ইয়াৰ অনুধাবন জাপানৰ হিৰোছিমা নাগাছাকিৰ পৰা কৰিব পাৰো । চীনে এয়াই বিচাৰে । চীন আজি আমাতকৈ পাঁচ গুণ বেছি সৈন্য আৰু আর্থিক মহাশক্তি । চীনৰ পাকিস্তানক লৈ কোনো মৰম নাই । সিহঁতে পাকিস্তানৰ কান্ধত বন্দুক থৈ হিন্দুস্তানক দুর্বল আৰু ভিক্ষাৰী কৰিব বিচাৰে । তেতিয়াহে সিহঁত বিশ্বত একছত্রী আর্থিক মহাশক্তি হৈথাকিব । আৰু আমি আজিও নেহেৰুজীৰ কার্যকালতে চীনে কাঢ়ি লোৱা 'লাডাখ'ৰ ভাগটো লবলৈ সাহস নকৰিলো ।চীন ভালধৰণে জ্ঞাত যে মোদীজীয়ে আজিৰ পৰা 10-12 বছৰত হিন্দুস্তানক আর্থিক আৰু সৈনিক মহাশক্তি হিচাপে গঢ়ি তুলিব । এইবাবেই বন্ধুসকল, এই কুটনৈতিক চক্রান্তক বুজক । যদি এই যুদ্ধ হয় তেন্তে শত্রু কেবল আমাৰ পাকিস্তানেই নহয়, আন এক শক্তিশালী শত্রু চীনো পাকিস্তানৰ লগত গুপ্ত ৰূপত আছে ।
'উৰী' ৰ ভয়াবহ আক্রমণ কোনো ঘৰ বিভীষণ ৰ সহায়তা অবিহনে সম্ভব নহয় । এইবাবেই পোন প্রথমে আমি এই ঘৰভেদী বিভীষণ বোৰকো চাফা কৰিব লাগিব ।
বন্ধুসকল, মই আপোনালোকক ভয় খুওৱা নাই বা নিজেও ভয় নাখাওঁ । কিন্তু ভাবি চিন্তি কাম কৰিব লাগে যাতে আমি বিফল নহওঁ । লগতে আমি শ্রুতিকটু বাস্তবিকতাৰ লগত পৰিচয় হোৱাটো কোনো অপৰাধ নহয় । এইবাবেই দেশহিতৰ বাবে যেতিয়ালৈকে দেশ সৈন্য আৰু আর্থিক দিশত সক্ষম তথা বিকশিত নহয়, তেতিয়ালৈকে বেলুচিস্তান, POK, গিলগিট ত ছায়া যুদ্ধ দ্বাৰা আঘাত দি থকাটোয়ে সমীচিন হব । মোদীজীয়ে জানে, পাকিস্তান বর্বাদ হৈ যোৱাৰ পাছতো আৰবৰ পৰা অহা ভীক্ষাৰে খাব-বব পৰা হৈ যাব । সেয়ে হিন্দুস্তানক ইমান শক্তিশালী, ইমান স্বাবলম্বী, ইমান সক্ষম কৰিব লাগিব যাতে আমি ক'তো হাত পাতিব নালাগে । কিয়নো পৃথিবীত আন কোনো ইমান সক্ষম হিন্দু ৰাষ্ট্র নাই যে যি নেকি হিন্দুস্তানক সহায় কৰিব পাৰিব ।
এটা কথা মনত ৰাখিব মোডীজীয়ে একমাত্ৰ ভাৰতীয়, যি কুটনৈতিক ধমকীৰে চীনক ডোকলামৰ পৰা খেদিব পাৰিছে, জৱাহৰলালেটো অসমক চীনৰ হাতত গতাইয়ে দিছিল । দেশৰ সামৰিক শক্তিৰ অৱস্থা আজি ভাললৈ আহিছে । বিশ্বাস ৰাখক । প্ৰগতিৰ প্ৰতিচ্ছৱি সোনকালেই দেখা পাব । এসময়ৰ বিশ্বগুৰু ভাৰতবৰ্ষই পুনৰ নিজৰ মহানতা ঘূৰাই পাব ।
জয় হিন্দ ।।